ডিজিটেল ডেস্ক, ১৩ এপ্ৰিল ২০২৬: বৰ্তমানৰ চৰ্চিত সাংবাদিক নিতুমণি শইকীয়া আৰু তেওঁক হাউছিং ব’ৰ্ডৰ ফালৰ পৰা দিয়া উচ্ছেদৰ নটিচক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই ইয়াক সংবাদ মাধ্যমৰ কণ্ঠৰোধ বুলি ক’ব খুজিলেও, জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই উত্থাপন কৰা কিছু তথ্যই এতিয়া সমগ্ৰ ঘটনাটোক এক নতুন মোৰ দিছে।
হিমন্ত বিশ্ব শৰ্মাৰ হাত ধৰিয়েই উত্থান হৈছিল নিতুমণিৰ?
অতনু ভূঞাৰ ভাষ্য অনুসৰি, আজি যিজন নিতুমণি শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি সমালোচনা কৰি নিজকে 'নিৰপেক্ষ' সজাব বিচাৰিছে, তেওঁৰ টেলিভিছন কেৰিয়াৰৰ লাইমলাইটলৈ অহাৰ আঁৰৰ মানুহজন আছিল স্বয়ং হিমন্ত বিশ্ব শৰ্মা। 'নিউজ লাইভ'ৰ আৰম্ভণিৰ সময়ত 'এন ই টিভি'ৰ পৰা নিতুমণিক মাতি আনি 'নিউজ লাইভ'ত সংস্থাপন দিয়াৰ ক্ষেত্রত মুখ্যমন্ত্ৰীৰ এক বিশেষ ভূমিকা আছিল বুলি বিস্ফোৰক দাবী উত্থাপন হৈছে।
জি এছ ৰোড কাণ্ড আৰু 'বিশ্বাসঘাটকতা'ৰ অভিযোগ
ৰাজ্য জোকাৰি যোৱা গুৱাহাটীৰ জি এছ ৰোড কাণ্ডৰ সময়ত 'নিউজ লাইভ'ৰ ভিতৰচ’ৰাৰ গোপনীয় ভিডিঅ’ কেনেকৈ অখিল গগৈৰ হাতলৈ গৈছিল, তাক লৈ এক চাঞ্চল্য্যকৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ উঠিছে যে নিতুমণি শইকীয়াই নিজৰ আত্মীয়ৰ জৰিয়তে সেই ভিডিঅ’ কপি কৰি কাৰ্যালয়ৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ অখিল গগৈক প্ৰদান কৰিছিল। অতনু ভূঞাৰ ভাষ্যত— "নিতুমণিয়ে পিছফালৰ পৰা ছুৰী মাৰে।"
হাউছিং ব’ৰ্ডৰ ফ্লেট আৰু 'মধ্যবিত্ত'ৰ মুখা
৫ মেগাব্ৰেণ্ডৰ বিলাসী গাড়ী আৰু লাখ টকীয়া দৰমহাৰ পাছতো চৰকাৰী হাউছিং ব’ৰ্ডৰ ফ্লেটত 'মধ্যবিত্ত' সাজি বাস কৰা বিষয়টোৱে এতিয়া নৈতিকতাৰ প্ৰশ্ন উত্থাপন কৰিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মতে, যিসকল সৰু সাংবাদিকে কম দৰমহা পায়, তেওঁলোকৰ বাবেহে এনে চৰকাৰী আৱাসৰ প্ৰয়োজন, ১০-১৫ লাখটকীয়া গাড়ী চলোৱা এডিটৰ-ইন-চীফৰ বাবে নহয়।
মালিকৰ পলিচী নে নিৰপেক্ষতা?
আজিৰ তাৰিখত অসমৰ সংবাদ মাধ্যম মালিক গোষ্ঠীৰ স্বাৰ্থত চলে বুলি এক অপ্ৰিয় সত্য প্ৰকাশ পাইছে। চৰকাৰ সলনি হ’লে বা মালিকৰ সৈতে চৰকাৰৰ সম্পৰ্ক সলনি হ’লে কেনেকৈ সাংবাদিকৰ 'নিৰপেক্ষতাৰ কামিজ' সলনি হয়, সেয়া আগন্তুক সময়ত লক্ষণীয় হ’ব।
বিশ্লেষণাত্মক দৃষ্টিৰে গুৰুত্বপূৰ্ণ পইণ্টসমূহ:
নিৰপেক্ষতাৰ সংজ্ঞা: কেৱল চৰকাৰক সমালোচনা কৰিলেই নিৰপেক্ষ হ’ব পাৰি নেকি?
অতীতৰ কৰ্মকাণ্ড: 'নিউজ লাইভ'ত থকা সময়ৰ পৰা বৰ্তমানৰ প্ৰতিষ্ঠানলৈ নিতুমণিৰ স্থিতিৰ পৰিৱৰ্তন।
নৈতিকতাৰ প্ৰশ্ন: উচ্চ দৰমহা পোৱা এজন সম্পাদকে চৰকাৰী আৱাস লৈ থকাটো কিমান যুক্তিসংগত?
অসমীফাই ডিজিটেল মিডিয়াৰ প্ৰতিবেদন আপুনি এই সমগ্ৰ বিতৰ্কৰ বিষয়ে কি ভাবে? আমাক কমেণ্ট বক্সত জনাওক।
.png)
0 Comments