প্ৰাণোচ্ছল বিহুৰ মাজতো উকা জুবিন ক্ষেত্ৰ: পত্নী গৰিমা গাৰ্গৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ১৪ এপ্ৰিল, ২০২৬: ৰঙালী বিহুৰ উছাহেৰে সমগ্ৰ ৰাজ্য মুখৰিত হৈ থকাৰ মাজতে আজি গুৱাহাটীৰ **'জুবিন ক্ষেত্ৰ'**ত বিৰাজ কৰিলে এক শোকাকুল পৰিৱেশে। অসমৰ হিয়াৰ আমঠু, চিৰকালৰ বাবে হেৰাই যোৱা সংগীতৰ যাদুকৰ জুবিন গাৰ্গৰ অবিহনে এইবাৰ যেন বিহুৰ ৰং কিছু ম্লান হৈ পৰিছে। ব'হাগ বিহুৰ প্ৰথমটো দিনতে পত্নী গৰিমা শইকীয়া গাৰ্গে পৰিয়ালৰ সৈতে জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্রিয়তম স্বামীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
গামোচা আৰু পুষ্পৰে সুশোভিত জুবিন ক্ষেত্ৰ
আজি পুৱাই গৰিমা গাৰ্গে জুবিন ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি এক আৱেগিক পৰিৱেশৰ সূচনা কৰে। প্ৰয়াত সংগীত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত অসমীয়াৰ স্বাভিমানৰ গামোচা আৰু সুগন্ধি ফুলেৰে শ্ৰদ্ধা জনোৱা হয়। তেওঁৰ সৈতে এই অনুষ্ঠানত জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া সতীৰ্থ বেণ্ড মেম্বাৰ ৰাজা বৰুৱা আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাও উপস্থিত থাকে।
অনুগামীৰ অশ্ৰুৰে সিক্ত হেঁপাহৰ বিহু
কেৱল পৰিয়ালৰ লোকেই নহয়, জুবিন গাৰ্গৰ অনুপস্থিতি অনুভৱ কৰি অসমৰ চুকে-কোণে থকা হাজাৰ হাজাৰ অনুরাগী আজি জুবিন ক্ষেত্ৰত উপস্থিত হয়। প্রিয় শিল্পীজনক মনত পেলাই বহু লোকক চকুপানী টুকি থকা দেখা যায়।
"জুবিন দা আমাৰ মাজত শাৰীৰিকভাৱে নাই, কিন্তু তেওঁৰ কণ্ঠ আৰু স্মৃতি প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব," বুলি আৱেগিক মন্তব্য কৰে এগৰাকী অনুৰাগীয়ে।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ছিঙ্গাপুৰত সংঘটিত এক কৰুণ দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ অসমবাসীক মৰ্মাহত কৰিছিল। মৃত্যুৰ পাছত এয়া তেওঁৰ প্ৰথমটো ব'হাগ বিহু। জুবিন ক্ষেত্ৰত আজিৰ এই দৃশ্যই প্ৰমাণ কৰিলে যে অসমীয়া সংস্কৃতিৰ এই "হাৰ্টথ্ৰৱ" আজিও সকলোৰে মাজত সমানেই জনপ্ৰিয় আৰু আদৰণীয়।
অসমীফাই ডিজিটেল মিডিয়া, ঢকুৱাখনা অধিক জানিবলৈ আমাক ফলো কৰক: @axomifydigitalmedia
.png)
0 Comments