SRFTI-ৰ শিক্ষাৰ্থীৰ সমৰ্থনত সৰৱ নাছিৰুদ্দিন শ্বাহ; বিজেপিক তীব্ৰ আক্ৰমণ কৰি জনালে প্ৰতিবাদ

ডিজিটেল ডেস্ক: দেশৰ প্ৰখ্যাত জ্যেষ্ঠ অভিনেতা নাছিৰুদ্দিন শ্বাহ আকৌ এবাৰ নিজৰ বিস্ফোৰক মন্তব্যৰ বাবে চৰ্চালৈ আহিছে। এইবাৰ অভিনেতাগৰাকীয়ে কলকাতাৰ আগশাৰীৰ চলচ্চিত্ৰ শিক্ষানুষ্ঠান ‘সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট’ (SRFTI)-ৰ আন্দোলনৰত ছাত্ৰ-ছাত্ৰীসকলৰ সমৰ্থনত থিয় দিছে। ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চলা প্ৰশাসনীয় আৰু ৰাজনৈতিক হেঁচাৰ বিৰুদ্ধে এটা ভিডিঅ' বাৰ্তা যোগে ক্ষোভ উজাৰিছে জ্যেষ্ঠ শিল্পীগৰাকীয়ে।



প্ৰশাসনৰ জবাবদিহিতা বিচৰাৰ বাবেই শাস্তি?

প্ৰাপ্ত তথ্য অনুসৰি, SRFTI-ৰ শিক্ষাৰ্থীসকলে বিগত কিছু দিনৰ পৰা চৌহদৰ প্ৰশাসনীয় স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবী তুলি আহিছিল। কিন্তু ছাত্ৰ-ছাত্ৰীৰ এই যুক্তিসংগত দাবীক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে তেওঁলোকক ‘শ্ব'-কজ’ জাননী জাৰি কৰা, চোৰাং দৃষ্টি (surveillance) ৰখা, মুকলি ভাবুকি প্ৰদান কৰা আৰু হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিয়া বুলি নাছিৰুদ্দিন শ্বাহে ভিডিঅ’টোত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।


বিজেপিক তীব্ৰ সমালোচনা শ্বাহৰ:

প্ৰশাসনৰ এই কঠোৰ পদক্ষেপৰ আঁৰত থকা ৰাজনৈতিক সংযোগক পোনপটীয়াকৈ আক্ৰমণ কৰিছে অভিনেতাজনে। তেওঁ কয়— "পশ্চিম বংগৰ নিৰ্বাচনত এক প্ৰকাৰৰ কৌশলপূৰ্ণ জয় সাব্যস্ত কৰাৰ পিছত এতিয়া বিজেপি দলটোৱে তেওঁলোকৰ আদৰ্শ আৰু নীতিৰ বিৰোধিতা কৰা প্ৰতিজন ব্যক্তিৰ ওপৰত প্ৰতিশোধ ল'বলৈ উঠি-পৰি লাগিছে।" তেওঁ লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল নিজৰ সপক্ষে মিছা প্ৰচাৰ চলোৱাতেই ক্ষান্ত থকা নাই, বৰঞ্চ দেশৰ ভৱিষ্যতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক ভয় খুৱাই বা ব্ৰেইনৱাছ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছে। অৱশ্যে প্ৰশাসন বা চৰকাৰৰ এই চেষ্টা কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব বুলিও তেওঁ হুংকাৰ দিয়ে।


এই যুৱ প্ৰজন্মই দেশৰ প্ৰকৃত সত্যটো দেখুৱাব"
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD) আৰু পুনে ফিল্ম ইনষ্টিটিউট (FTII)-ৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ নাছিৰুদ্দিন শ্বাহে ছাত্ৰ সমাজৰ সুৰক্ষাৰ পক্ষত কয়— "এইসকল এনেকুৱা যুৱ প্ৰজন্ম, যিয়ে ভৱিষ্যতে আমাক আমাৰ নিজৰ বিষয়ে, দেশৰ বিষয়ে আৰু বৰ্তমান আমি কি পৰিস্থিতিত আছোঁ, তাৰ প্ৰকৃত সত্যটো দেখুৱাব।"

ভিডিঅ’টোৰ শেষত তেওঁ দেশৰ সকলো সচেতন আৰু বিবেকবান নাগৰিকক একগোট হৈ SRFTI-ৰ শিক্ষাৰ্থীসকলৰ ন্যায়সংগত দাবীসমূহক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। এই বিষয়ক লৈ এতিয়ালৈকে ইনষ্টিটিউট কৰ্তৃপক্ষৰ কোনো চৰকাৰী প্ৰতিক্ৰিয়া অহা নাই যদিও নাছিৰুদ্দিন শ্বাহৰ এই মন্তব্যই সমগ্ৰ দেশতে ছাত্ৰ অধিকাৰ আৰু সৃষ্টিশীল স্বাধীনতাৰ চৰ্চা পুনৰ তীব্ৰ কৰি তুলিছে।

এই ধৰণৰ বাতৰিৰ বাবে চাই থাকিব Axomify Digital Media

#axomifydigitalmedia | #axomify 

Post a Comment

0 Comments