বিহাৰত বৃহৎ ৰাজনৈতিক হেন্দোলনি: ১৪ এপ্ৰিলত কেবিনেট বৈঠক, পদত্যাগ কৰিব পাৰে নীতিশ কুমাৰে!

 বিহাৰত বৃহৎ ৰাজনৈতিক হেন্দোলনি: ১৪ এপ্ৰিলত কেবিনেট বৈঠক, পদত্যাগ কৰিব পাৰে নীতিশ কুমাৰে!


ডিজিটেল ডেস্ক, ১২ এপ্ৰিল ২০২৬: বিহাৰৰ ৰাজনীতিয়ে লৈছে এক নতুন মোৰ। শেহতীয়া খবৰ অনুসৰি, অহা ১৪ এপ্ৰিলত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক আহ্বান কৰিছে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ সিদ্ধান্ত ল’ব বুলি চৰ্চা চলিছে।

মুখ্যমন্ত্ৰীৰ পদত্যাগৰ সম্ভাৱনা

ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলিছে যে নীতিশ কুমাৰে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব পাৰে। চৰকাৰৰ ভিতৰচ’ৰাত চলি থকা নতুন সমীকৰণ আৰু মিত্ৰজোঁটৰ জটিলতাৰ বাবেই এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

১৫ এপ্ৰিলত নতুন মুখ্যমন্ত্ৰী?

যদিহে নীতিশ কুমাৰে পদত্যাগ কৰে, তেন্তে অহা ১৫ এপ্ৰিলত বিহাৰত নতুন মুখ্যমন্ত্ৰী নিযুক্তিৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপটত এতিয়া ‘বৃহৎ পৰিৱৰ্তনৰ ইংগিত’ পোৱা গৈছে। নতুন সমীকৰণে কাৰ হাতলৈ ক্ষমতা লৈ যায়, তাক লৈ এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি বিহাৰৰ ওপৰত।

চৰ্চাত নতুন সমীকৰণ

নীতিশ কুমাৰৰ চৰকাৰক লৈ সৃষ্টি হোৱা এই অনিশ্চয়তাই ৰাজ্যখনৰ প্ৰশাসনীয় কাম-কাজতো প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰা হৈছে। বিৰোধী দলসমূহেও এই পৰিস্থিতিক অতি সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে। কিদৰে গঠন হ’ব নতুন চৰকাৰ আৰু কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, সেই প্ৰশ্নই এতিয়া বিহাৰৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে।


অসমীফাই ৰিপৰ্ট, ঢকুৱাখনা অধিক জানিবলৈ আমাক ফলো কৰক: @axomifydigitalmedia

Post a Comment

0 Comments