২০২৮ চনত দুবাৰকৈ অনুষ্ঠিত হ’ব নেকি দুৰ্গা পূজা? ছচিয়েল মিডিয়াত ভাইৰেল খবৰৰ আঁৰৰ সত্যতা কি, জানক ইয়াত


ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যে অহা ২০২৮ চনত একেটা বছৰতে দুবাৰকৈ অনুষ্ঠিত হ’ব সনাতন ধৰ্মাৱলম্বীসকলৰ শ্ৰেষ্ঠ উৎসৱ শ্ৰীশ্ৰী দুৰ্গা পূজা। এই খবৰটো ভাইৰেল হৈ পৰাৰ পিছৰে পৰা জনসাধাৰণৰ মাজত কৌতুহল আৰু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কিন্তু সঁচাকৈয়ে ২০২৮ চনত দুবাৰকৈ দুৰ্গা পূজা হ’বনে? কি কৈছে জ্যোতিষী আৰু পঞ্জিকা বিশেষজ্ঞসকলে? আহক জানো ইয়াৰ আচল ৰহস্য।

আচলতে ঘটনাটো কি?
পঞ্জিকা আৰু জ্যোতিষশাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে, ২০২৮ চনত একেটা মণ্ডপতে বা একেজন লোকে দুবাৰকৈ পূজা নাপাতে। মূলত দুখন বেলেগ বেলেগ পঞ্জিকাৰ গণনাৰ পাৰ্থক্যৰ বাবে একেটা বছৰতে প্ৰায় ১৫ৰ পৰা ২০ দিনৰ ব্যৱধানত দুটা পৃথক সময়ত দুৰ্গা পূজাৰ দিন পৰিছে।
২০২৮ চনত আশ্বিন আৰু কাৰ্তিক মাহৰ মাজত এটা 'মলমাহ' বা অধিক মাহ (একেটা চন্দ্ৰমাহতে দুবাৰ অমাৱস্যা পৰা প্ৰক্ৰিয়া) পৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে অসম আৰু বংগৰ দুই প্ৰধান পঞ্জিকা ক্ৰমে— 'বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা' আৰু 'সূৰ্য সিদ্ধান্ত (গুপ্তপ্ৰেছ) পঞ্জিকা'ৰ গণনাৰ মাজত এক ডাঙৰ ব্যৱধান দেখা যাব।

কেতিয়া কেতিয়া পৰিছে পূজাৰ দিন?
  • প্ৰথম পূজা (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা অনুসৰি): এই গণনা অনুসৰি পূজা কিছু আগতীয়াকৈ হ’ব। ২০২৮ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ দুৰ্গা পূজা অনুষ্ঠিত হ’ব। সাধাৰণতে বেলূৰ মঠ, ৰামকৃষ্ণ মিশন আৰু কিছুমান নিৰ্দিষ্ট পন্থাই এই সূচী অনুসৰণ কৰিব।
  • দ্বিতীয় পূজা (সূৰ্য সিদ্ধান্ত বা গুপ্তপ্ৰেছ পঞ্জিকা অনুসৰি): বেছিভাগ ৰাজহুৱা বা বাৰোৱাৰী পূজা মণ্ডপ আৰু পুৰণি পৰিয়ালসমূহে মানি চলা এই প্ৰাচীন গণনা পদ্ধতি অনুসৰি পূজা প্ৰায় ১৫ দিন পিছত, অৰ্থাৎ ৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।

এয়া কোনো প্ৰথম ঘটনা নহয়:
জ্যোতিষীসকলৰ মতে, ছচিয়েল মিডিয়াত এই লৈ বহুত চৰ্চা বা উৰাবাতৰি ওলাইছে যদিও এয়া কোনো আচৰিত বা নতুন ঘটনা নহয়। গণনা পদ্ধতিৰ এনে অমিলৰ বাবে ইয়াৰ পূৰ্বেও ১৯০৩, ১৯৮২ আৰু ২০০৩ চনতো একেটা বছৰতে এনেধৰণৰ দিনৰ ব্যৱধান দেখা গৈছিল।
গতিকে বিভ্ৰান্ত নহৈ আপোনাৰ স্থানীয় মণ্ডপ বা পৰিয়ালে যিখন পঞ্জিকা বা নিয়ম পৰম্পৰাগতভাৱে অনুসৰণ কৰি আহিছে, সেই মতেই ২০২৮ চনৰ দুৰ্গা পূজা উদযাপন কৰা হ'ব।
এইধৰণৰ বাতৰিৰ বাবে চাই থাকিব AXOMIFY DIGITAL MEDIA

Post a Comment

0 Comments