শিমলুডোঙাত দ্বিতীয় বাৰ্ষিক ব’হাগী বিদায় সন্মিলনৰ ব্যাপক প্ৰস্তুতি :
শিমলুডোঙা, ৫ মে’ ২০২৬: অসমীয়া সমাজ জীৱনৰ মেৰুদণ্ড স্বৰূপ কলা-সংস্কৃতি আৰু লোক-পৰম্পৰাক নতুন প্ৰজন্মৰ মাজত সুদৃঢ় কৰাৰ লক্ষ্যৰে লখিমপুৰৰ শিমলুডোঙাত এক বিশেষ আয়োজন কৰা হৈছে। শিমলুডোঙা আৰু কান্দুলিমাৰী গাঁৱৰ ৰাইজৰ সৌজন্যত অহা ৩১ ব’হাগ (১৫ মে’, ২০২৬), শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ‘দ্বিতীয় বাৰ্ষিক ব’হাগী বিদায় সন্মিলন ২০২৬’ অনুষ্ঠিত হ’ব।
শিমলুডোঙাস্থিত সমন্বয় যুৱক সংঘৰ ৰঙ্গমঞ্চত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ কাৰ্যসূচীসমূহ তলত উল্লেখ কৰা হ’ল:
ক্ৰীড়া প্ৰতিযোগিতা: পুৱা ৮:৩০ বজাৰ পৰা ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব শিমলুডোঙা মিচিং মধ্য ইংৰাজী বিদ্যালয়ৰ সহ-শিক্ষক উজ্জ্বল কোঁৱৰেসাহিত্য প্ৰতিযোগিতা: পুৱা ১০:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত সঞ্চালক হিচাপে উপস্থিত থাকিব শিমলুডোঙা মিচিং মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বোপাৰাম চুতীয়া। ছাত্ৰ-ছাত্ৰী আৰু নতুন প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ বাবে এই সাহিত্য শাখাৰ কাৰ্যসূচীসমূহ বিশেষভাৱে যুগুত কৰা হৈছে।
সাংস্কৃতিক প্ৰতিযোগিতা: দুপৰীয়া ১২:০০ বজাত সাংস্কৃতিক প্ৰতিযোগিতাৰ উদ্বোধন কৰিব সমন্বয় যুৱক সংঘৰ প্ৰাক্তন সভাপতি লক্ষ্মীনাথ চুতীয়াই।
প্ৰতিযোগিতাসমূহত শিশুৰ পৰা যুৱক-যুৱতীসকললৈকে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।
শ্ৰদ্ধাঞ্জলি অৰ্পণ: সন্ধিয়া ৬:০০ বজাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ’ব, য’ত মুখ্য তৰ্পক হিচাপে থাকিব ঢকুৱাখনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈ।
ইয়াৰ পিছতেই বিহু মঞ্চ মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হ’ব।
নিশাৰ আকৰ্ষণ: সন্ধিয়া ৮:০০ বজাৰ পৰা সন্মিলনৰ মূল আকৰ্ষণ স্বৰূপ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব:
গাভৰু টকা বিহু: শ্ৰেষ্ঠ দললৈ ৭,১০০ টকা আৰু দ্বিতীয় দললৈ ৫,১০০ টকাৰ পুৰস্কাৰ।
বোৱাৰী টকা বিহু: প্ৰথম পুৰস্কাৰ ৭,১০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫,১০০ টকা।
সৰু বিহুৱতী: প্ৰথম পুৰস্কাৰ ১০,১০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৭,১০০ টকা।
ব্যৱস্থাপনা সমিতি
এই সন্মিলনখন সফল কৰি তুলিবলৈ এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। যাৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছে: সভাপতি: লীলাকান্ত বৰা, উপ-সভাপতি: ধৰ্মেশ্বৰ লামু, সম্পাদক: মনোজ চমুৱা, সহ সম্পাদক: প্ৰদীপ ফুকন আৰু বৃহত্তৰ শিমলুডোঙা আৰু কান্দুলিমাৰী গাঁৱৰ সমূহ ৰাইজ।
সমন্বয় যুৱক সংঘৰ সমূহ বিষয়ববীয়াই সকলো বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।

0 Comments