অহা ১৩ নৱেম্বৰৰ পৰা সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্ণিল সোণালী জয়ন্তী মহোৎসৱ; মুখ্য আকৰ্ষণ কণ্ঠশিল্পী নীল আকাশ


লখিমপুৰ, ২৩ অক্টোবৰ: ঢকুৱাখনা সমিজলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ১৯৭৬ চনতে প্ৰতিষ্ঠা লাভ কৰা এই শিক্ষানুষ্ঠানখনে গৌৰৱময় ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে অহা ১৩, ১৪ আৰু ১৫ নৱেম্বৰ, ২০২৬ ত তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন কৰিছে।
বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই মহোৎসৱত বিভিন্ন শৈক্ষিক, সামাজিক তথা সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ৩ দিনীয়া এই কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ ১৫ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে।
ইতিমধ্যে উদযাপন সমিতিয়ে এই ঐতিহাসিক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু সকলোৰে সক্ৰিয় সহযোগিতা কামনা কৰিছে।
(অধিক খবৰৰ বাবে Follow কৰক Axomify Digital Media)
#SapatiaHSSchool #GoldenJubilee #GoldenJubilee2026 #NeelAkash #Lakhimpur #Assam #AxomifyDigitalMedia

Post a Comment

0 Comments